Skip to main content
North East India's Local Information Service

জবা ফুল আৰু ইয়াৰ ঔষধিয় গুণ, পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা

এইবিধ ফুল আগৰ দিনত অসমৰ ঘৰে ঘৰে আছিল ।। আজিও বহুতৰে ঘৰত আছে । দেখাত ধুনীয়া বাবে আমি ইয়াক ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ৰাখিছো ।। ৰঙা , হালধীয়া , বগা আদি বিভিন্ন ৰঙৰ হব পাৰেসকলোবিলাক ঔষধৰ কাম কৰে । ঘৰৰ সৌন্দৰ্য বঢ়োৱাৰ উপৰিও ইয়াৰ কেইটামান বহুত ডাঙৰ ডাঙৰ ঔষধিয় গুণ আছে ।। ।।।
1 . চুলি সৰা : 8-10 টা কোমল পাত আৰু 4-5 টা ফুল লৈ 100 গ্ৰাম নাৰীকলৰ তেলত গৰম কৰিব লাগিব ।। ফুল আৰু পাত কলা পৰিলে নুমাই ঠাণ্ডা হব দিয়ক ।। পাছত চেকি লৈ বতলত ভৰাই থব ।। দৈনিক এই তেল মূৰত ঘঁহক । অতি সোনকালে চুলি সৰা বন্ধ হব
2. বগাশ্ৰৱ : যিসকল মহিলাৰ বগা শ্ৰাব যোৱা ৰোগ আছে , তেওঁলোকে দৈনিক ৰাতিপুৱা 2-3 টা পাত চোবাই চোবাই খাওক আৰু তাৰ পিছত গৰম পানী এগিলাচ খাওক ।। অতি সোনকালে ফল পাব ।।
3. পুৰুষসকলৰ যৌন দুৰ্বলতাৰ বাবে ইয়াৰ ফুল আৰু পাত সমান মিহলাই আধা কাপ ৰস উলিয়াই নিয়মিত খালে উপকাৰ পাব ।
4 . পেটৰ সমস্যা , colitis , Constipation : 4-5 টা ফুল বা পাতৰ চৰ্বত বনাই দৈনিক খাওক ।।
পেটৰ সকলো সমস্যা দূৰ হব
5. মুখৰ ঘাঁ : 3-4 টা পাত ভালকৈ চোবাই চোবাই পাছত উলিয়াই দিয়ককমছে কম 40 বাৰ চোবাই লব আৰু মুখৰ চাৰিওফালে ঘূৰাব
6. Animia বা ৰক্তহীনতা : দৈনিক 8-10 টা পাত আধা লিটাৰ পানীত গৰম কৰিবপানী কমি গৈ যেতিয়া 250 ml মান হব , তেতিয়া চাহৰ নিচিনা খাওকলগতে দুৰ্বলতা নোহোৱা হব শৰীৰৰ
7. কাহ : 10 গ্ৰাম গা গছ লৈ 400 গ্ৰাম পানীত গৰম কৰিব । তাৰ পিছত যেতিয়া পানী শুকাই গৈ 150 গ্ৰাম থাকিব , তেতিয়া চেকি লৈ বতলত ভৰাই থব ।। দৈনিক 2 চামুচ কৰি খাব পাৰে
Source : পংকজ পাঠক